পোহৰ নিৰ্গতক ডায়'ড
পোহৰ নিৰ্গত ডায়'ড | |
---|---|
৫ মিলি ৰঙা, সেউজ আৰু নীলা এল ই ডি | |
প্ৰকাৰ | Passive, optoelectronic |
কাৰ্যনীতি | Electroluminescence |
আৱিষ্কাৰ | নিক হলনয়াক (কনিষ্ঠ) (১৯৬২) |
বৈদ্যুতিক প্ৰতীক | |
পিন বিন্যাস | এন'ড আৰু কেথ'ড |
পোহৰ নিৰ্গতক ডায়'ড (ইংৰাজী: light-emitting diode) চমুকৈ এল ই ডি এটি অৰ্ধপৰিবাহী ডায়'ড যিয়ে প্ৰযুক্ত ভ'ল্টেজক পোহৰলৈ পৰিৱৰ্তিত কৰে, যাক প্ৰায় চাকি আৰু অঙ্কীয় পৰ্দাত ব্যৱহাৰ কৰা হয়।[1]
উদ্ভাৱন
[সম্পাদনা কৰক]ইচামু আকাচাকি, হিৰচি আমান' আৰু চুজি নাকামুৰাই পোহৰ উলিওৱা ডায়'ড উদ্ভাৱনৰ বাবে ২০১৪ বৰ্ষত ন'বেল বঁটা লাভ কৰে।[2] জুৰিয়ে ক'লে- "এই বছৰৰ ন'বেল বঁটা গ্ৰহণকাৰীসকলক এটি নতুন শক্তি-পৰিপক্ক পৰিবেশৰ সৈতে বন্ধুত্বপূৰ্ণ পোহৰৰ উৎস উদ্ভাৱন কৰাৰ বাবে পুৰস্কৃত কৰা হৈছে।
কাৰ্যনীতি
[সম্পাদনা কৰক]এল-ই-ডিয়ে বৈদ্যুতিক পোহৰ বিকিৰণৰ জৰিয়তে কাম কৰে। এলুমিনিয়াম গেলিয়াম আৰ্চেনাইডৰ দৰে কোনো কোনো অৰ্ধপৰিবাহী বস্তুৱে বিদ্যুৎ প্ৰৱাহিত হ'লে ইলেক্ট্ৰণসমূহৰ চলনৰ দ্বাৰা পোহৰ ওলায়। এল-ই-ডিএ এনে ধৰণেই কাম কৰে।[3]
এল ই ডিৰ ব্যৱহাৰ
[সম্পাদনা কৰক]মোবাইল ফোন আৰু এল ই ডি স্ক্ৰীনৰ বাহিৰেও অপটিকেল যোগাযোগ, ইণ্ডিকেটৰ বাতি, ইনফ্ৰাৰেড ৰশ্মি, আলোকসজ্জা, ট্ৰেফিক সংকেত, অপটিকেল মাউচ, লেজাৰ ৰশ্মি উৎপাদন সহ আৰু অনেক কামত এল ই ডি ব্যৱহৃত হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.thefreedictionary.com/LED
- ↑ http://news.yahoo.com/three-japanese-born-researchers-win-nobel-physics-prize-100757049.html
- ↑ http://inventors.about.com/od/lstartinventions/a/Led.htm
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত এল ই ডি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- পোহৰ নিৰ্গতক ডায়'ড বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Dendrimers in the spotlight - an Instant Insight examining the use of dendrimers in organic light-emitting diodes from the Royal Society of Chemistry
- Photonics Sources Group, Tyndall National Institute GaN and other photonics research at the Tyndall National Institute, Ireland.
- MAKE Presents: The LED - A movie about the origins of the LED and how to make your own from carborundum!
- Rensselaer Electrical Engineering Department LED information arranged in textbook form, aimed at introductory to advanced audience