বাগদাদ
বাগদাদ
بغداد বাগ়দাদ | |
---|---|
Country | ইৰাক |
Governorate | Baghdad |
Established | 762 AD |
প্ৰতিস্থাপক | আবু যাফাৰ আল-মানচুৰ |
চৰকাৰ | |
• ধৰণ | Mayor–council |
• পৰিচালনা | Baghad City Advisory Council |
• Mayor | জেৰক্ৰা আলৱাচ্ছ |
কালি | |
• মুঠ | 204.2 km2 (78.8 sq mi) |
উচ্চতা | ৩৪ মিটাৰ (১১২ ফুট) |
জনসংখ্যা | |
• Estimate (2011) |
72,16,040 |
• স্থান | 1 |
বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ২০১১ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ৭২,১৬,০৪০ জন, সেই অনুসৰি ই ইৰাকৰ সৰ্বাধিক জনবহুল নগৰ, আৰৱ বিশ্বৰ দ্বিতীয় সৰ্বাধিক (কাইৰো আৰু ইজিপ্তৰ পিছত) আৰু ইৰাণ আৰু তেহৰাণৰ পিছত এছিয়াৰো দ্বিতীয় সৰ্বাধিক জনবহুল নগৰ। বাগদাদ নগৰ খন টাইগ্ৰীছ নদীৰ তীৰত অৱস্থিত। ই ইছলামিক বিশ্বৰ এখন অতি সাংস্কৃতিক, ব্যৱসায়িক আৰু শৈক্ষিকভাৱে গুৰুত্বপূৰ্ণ কেন্দ্ৰ। হাউছ অৱ ৱিজড'ম (House of Wisdom) ৰ দৰে বহুকেইখন উন্নত শিক্ষা প্ৰতিষ্ঠানেৰে সৈতে বিশ্বজুৰি "শিক্ষাৰ কেন্দ্ৰ" হিচাপে বাগদাদৰ এটা ভাল নাম আছে। আনুমানিক প্ৰায় ১২ লাখ জনসংখ্যাৰে সৈতে নগৰ খনক মধ্য যুগৰ পৃথিৱীৰ আটাইতকৈ জনবহুল নগৰ বুলি বিবেচনা কৰা হৈছিল। ১২৫৮ চনত মোগল সাম্ৰাজ্যৰ দ্বাৰা নগৰ খন ধংশ কৰা হৈছিল।
শিক্ষা
[সম্পাদনা কৰক]বাগদাদ চহৰখন শিক্ষাৰ ক্ষেত্ৰত অতি আগবঢ়া। ১২২৭ চনত আব্বাছিদ কেলিফ আল-মুস্তানছিৰে মুস্তানছিৰিয়া মাদ্ৰাছা (Mustansiriya Madrasah) নামেৰে প্ৰতিস্থা কৰা মাদ্ৰাছখনৰ নাম ১৯৬৩ চনত মুস্তানছিৰিয়া বিশ্ববিদ্যালয় হিচাপে পুনৰ্নামকৰণ কৰা হয়। ইয়াৰ বাগদাদ বিশ্ববিদ্যালয় খন হৈছে ইৰাকৰ আটাইতকৈ বৃহৎ আৰু আৰৱ বিশ্বৰ দ্বিতীয় বৃহত্তম বিশ্ববিদ্যালয়।
বিশ্বিদ্যালয়সমূহ
[সম্পাদনা কৰক]- আল-মুস্তানছিৰিয়া বিশ্ববিদ্যালয় (Al-Mustansiriya University)
- ইৰাকী বিশ্ববিদ্যালয় (Iraqi University
- নাহৰেইন বিশ্ববিদ্যালয় (Nahrain University)
- বাগদাদ বিশ্ববিদ্যালয় (University of Baghdad)
- কাৰীকৰি বিশ্ববিদ্যালয়, ইৰাক (University of Technology, Iraq)
সংস্কৃতি
[সম্পাদনা কৰক]আৰৱৰ বৃহত্তৰ সংস্কৃতিৰ পথাৰ খনত বহু বিখ্যাত লিখক, সংগীত শিল্পী তথা অভিনেতাৰ অৱদানেৰে বাগদাদে অতীজৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে কেইজনমান উল্লেখযোগ্য কবি আৰু গায়ক হৈছে, নিজাৰ কুব্বানি, ওম কুলথুম, ফিৰোজ, ছালাহ আল-হামদানী, ইলাম আল-মাডফি আদি।
ক্ৰীড়া
[সম্পাদনা কৰক]বাগদাদ হৈছে ইৰাকৰ বহুকেইটা সফল ফুটবল দলৰ গৃহচহৰ, যেনে- আল-ছ'ৰটা (পুলিচ), আল-কুৱা আল-জাৱিয়া (বায়ু সেনা), আল জাৱা, আৰু টালাবা (শিক্ষাৰ্থী) আদি। ১৯৬৬ চনত মুকলি কৰা আল-ছাব ষ্টেডিয়াম হৈছে বাগদাদৰ আটাইতকৈ ডাঙৰ ক্ৰীড়াংগন। ইয়াৰোপৰি অন্য এখন বৃহৎ ক্ৰীড়াংগন নিৰ্মানৰত অৱস্থাত আছে।
প্ৰথম বিশ্বযুদ্ধৰ সময়ৰে পৰা বাগদাদত এক পৰম্পৰাগত ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুস্থিত হৈ আহিছে। বাগদাদীসকলে ইয়াক সৰলভাৱে "ৰেচেছ" বুলিয়ে কয়। এই খেলখনৰ লগত জুৱাখেল জড়িত থকা বাবে খেলখন বন্ধ কৰিবলৈ কিছু ইছলামিয়ে হেঁচা প্ৰয়োগ কৰি আহিছে বুলি অভিযোগ কৰা দেখা যায়।
প্ৰধান পথসমূহ
[সম্পাদনা কৰক]- হাইফা পথ
- ছালিহিয়া আৱাসিক অঞ্চল - কেন্দ্ৰীয় বাগদাদৰ আল ছিনাক দলঙৰ কাষত অৱস্থিত, ইয়াৰ উত্তৰে আল-মাঞ্চুৰ হোটেল আৰু দক্ষিণে আল-ৰছিদ হোটেল আছে।
- হিল্লা পথ – য়াৰমুকৰ মাজেৰে বাগদাদৰ দক্ষিণলৈ গৈছে
- কেলিফ্চ পথ – ঐতিহাসিক মস্ক আৰু গীৰ্জাৰ দিশত
- ছাডোন পথ – লিবাৰেচন স্কোৱাৰৰ পৰা মাছবাহলৈ
- মহম্মদ আল-কুছিম ঘাইপথ আধামিয়াহৰ কাষত
- আবু নোৱাছ পথ
- ডামাছকাছ পথ - ডামাছকাছ স্কোৱেৰৰ পৰা বাগদাদ এয়াৰপৰ্ট পথলৈ
- মুটানাব্বি পথ – আৰবী কবি আল-মুটানাব্বিৰ নামৰে
- ৰাবিয়া পথ
- আৰ্বাটাছ টামুজ (১৪ জুলাই) পথ (ম'ছুল পথ)
- মুথানা আল-ছাইবানী পথ
- বৰ ছায়ীদ (পৰ্ট ছৈয়দ) পথ
- থাওৰা পথ
- আল কুৱানাট পথ
- আল খাত আল ছাৰেয়া
- আল ছিনা পথ
- আল নিধাল পথ
- আল ৰছিদ পথ
- আল জামহুৰয়া পথ – চিটি চেণ্টাৰ বাগদাদ
- ফালাষ্টিন পথ
- টাৰিক এল মোৱাস্কাৰ – (আল ৰছিদ কেম্প পথ)
- আখ্ৰট পথ
- বাগদাদ বিমানবন্দৰ পথ [1]
ভগ্নী চহৰসমূহ
[সম্পাদনা কৰক]- আমান, জৰ্ডান
- বেইৰুট, লেবানন[2]
- ডুবাই, আৰৱ
- পিয়ং ইয়াং, উত্তৰ কোৰিয়া
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "PowWeb". dcswift.com. http://www.dcswift.com/military/ntc/Baghdad%20Tourist%20Map.pdf.
- ↑ "Twinning the Cities". City of Beirut. Archived from the original on 2008-02-21. https://web.archive.org/web/20080221055403/http://www.beirut.gov.lb/MCMSTest/Menu-Pages/SisterCitiesEN.aspx?NRMODE=Published&NRORIGINALURL=/www.beirut.gov.lb/MCMSEN/Twinning+the+Cities/&NRNODEGUID=%7b18839037-0140-436E-A1AF-7F8F3693C3E6%7d&NRCACHEHINT=NoModifyGuest#। আহৰণ কৰা হৈছে: 2008-01-13.