ড° মালিনী
ড০ মালিনী | |
---|---|
জন্ম | নীলিমা শইকীয়া যোৰহাট, অসম |
ছদ্মনাম | ড০ মালিনী |
পেচা | বিজ্ঞানী, লেখিকা, বক্তা, গৱেষিকা, উপদেষ্টা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | অসমীয়া সাহিত্য |
বিষয় | ৰামায়ণী সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি | -মন্দোদৰী -যাজ্ঞসেনী -বিদেহ নন্দিনী |
উল্লেখযোগ্য বঁটা |
|
ৱেবছাইট | http://www.drmalini.com |
ড০ নীলিমা শইকীয়া (ইংৰাজী: Dr Neelima Saikia) বা ড০ মালিনী (ইংৰাজী: Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা শইকীয়াই মাটিৰ অণুজীৱবিজ্ঞান, জৈৱিক উপায়েৰে মাটি প্ৰৱন্ধনৰ লগতে আৰু উদ্ভিদ আৰু ভূ-স্বাস্থ্যৰ দিশত অভিজ্ঞতা অৰ্জন কৰিছে৷ জৈৱ-প্ৰতিকাৰৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০০৩-০৪ চনত ভাৰত চেম্বাৰছ অৱ কমাৰ্ছৰ তৰফৰ পৰা বি.পি. পোড্ডাৰ স্মাৰক বঁটা পাবলৈ সক্ষম হৈছিল৷ ড০ মালিনী ৰামায়ণী আৰু মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ ৰামায়ণ আৰু মহাভাৰতৰ বহুকেইটা নাৰী চৰিত্ৰ তেখেতৰ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ৷ ইয়াৰ উপৰি ড০ মালিনীয়ে বিজ্ঞানভিত্তিক আৰু বিশ্লেষণাত্মক গ্ৰন্থও ৰচনা কৰিছে৷ তেখেত যোৰহাট তৰাজানস্থিত মহাকাব্যিক অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক-সচিব৷ [1]
বৈজ্ঞানিক কৰ্ম
[সম্পাদনা কৰক]ড০ নীলিমা শইকীয়া সামাজিক-অৰ্থনৈতিক বিকাশৰ বাবে একাধিক প্ৰযুক্তিৰ বিকাশ সাধন কৰিছে৷ এতিয়ালৈকে তেখেতে পঞ্চাছখনতকৈও অধিক গৱেষণা-পত্ৰ প্ৰস্তুত কৰিছে৷ ড০ নীলিমা শইকীয়া ছটা পেটেণ্টৰ অধিকাৰী৷ নতুন দিল্লীত নতুনকৈ স্থাপিত হোৱা বৈজ্ঞানিক আৰু উদ্ভাৱনমূলক গৱেষণা একাডেমি(AcSIR)ত তেখেতে সহযোগী ডিন হিচাপে দায়িত্ব পালন আৰু কৰ্ম সম্পাদন কৰিছিল৷ [1]
ড০ নীলিমা শইকীয়া জড়িত হৈ থকা দুটামান বৈজ্ঞানিক প্ৰকল্প তলত উল্লেখ কৰা হৈছে[2] :
(১) চাহ খেতিৰ অধীনৰ মাটিত জৈৱ-পচনশীল কীটনাশকৰ প্ৰতি জীৱাণুজনিত সঁহাৰি, অভ্যন্তৰীণ, নতুন দিল্লী, ১৯৮৭-৯২
(২) মাটিৰ মাইক্ৰ'ফ্লোৰাৰ ওপৰত কৃষি-ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগৰ পৰা লাভ কৰা পুঁজিৰ সহায়ত, ১৯৮৯-৯২
(৩) কৃষি, পাৰিপাৰ্শ্বিক প্ৰদূষণ, জৈৱনিয়ন্ত্ৰণ (কীট, ভেঁকুৰ আৰু অপতৰণ নিয়ন্ত্ৰক) আৰু ভূমি উৰ্বৰতাৰ বাবে ভূ অণুজীৱৰ ব্যৱহাৰ, অভ্যন্তৰীণ, নতুন দিল্লী, ১৯৯৭-২০০২
(৪) খাৰুৱা তেলৰ দ্বাৰা দূষিত হোৱা মাটিত উৎপন্ন উদ্ভিদৰ ৰক্ষণাবেক্ষণ, নিৰীক্ষণ আৰু বিষাক্ততা নিৰ্ধাৰণ, তেল আৰু প্ৰাকৃতিক গেছ নিগম, শিৱসাগৰ, অসম, ভাৰত, ২০০১-২০০৩
(৫) পৰিৱেশ সুৰক্ষাৰ বাবে উদ্ভিদ বিকাশ কৰি ড্ৰিল চাইটবোৰৰ বায়'-ফাইট' প্ৰতিকাৰৰ এক পদ্ধতি : অ'এনজিচিৰ পৃষ্ঠপোষকতাত, ২০০৮-২০১১
সাহিত্যিক কৰ্ম
[সম্পাদনা কৰক]ড০ নীলিমা শইকীয়াৰ ছদ্ম নাম হৈছে ড০ মালিনী৷ এইটো নামেৰেহে তেখেত পাঠক সমাজৰ ওচৰত পৰিচিত৷ তেখেতে বিগত সময়ত ৰামায়ণ আৰু মহাভাৰতৰ অনেক নাৰী চৰিত্ৰৰ আধাৰত কেইখনমান উপন্যাস ৰচনা কৰিছে৷ তেখেতৰ একাংশ গ্ৰন্থ ইংৰাজী ভাষালৈও অনূদিত হৈছে৷ ইয়াৰোপৰি শিশু আৰু বিজ্ঞানমূলক লেখাৰ পঢ়ুৱৈসকলৰ বাবেও তেখেতে গ্ৰন্থ আৰু নিয়মীয়াকৈ প্ৰবন্ধ ৰচনা কৰিছে৷ তেখেতৰ মুঠ গ্ৰন্থৰ সংখ্যা চল্লিচখনতকৈও অধিক৷ [1]তেখেতৰ দুখনমান গ্ৰন্থ তলত উল্লেখ কৰা হৈছে৷ [3]
(১) বাল্মিকী ৰামায়ণ : মত-দ্বিমত আৰু বিশ্লেষণ (বাল্লিমী ৰামায়ন : দৃষ্টিভংগী, সংঘাত আৰু বিশ্লেষণ) (২০১৭) |
(১) বিদেহ নন্দিনী (২০০৮) |
(১) মৰহা ফুলৰ সুবাস (১৯৯৭) |
(১) অকণিহঁতলৈ সাধুৰ চলেৰে বিজ্ঞান (১৯৯৫) |
(১) ভাৰতীয় বিজ্ঞানী : ৪৮গৰাকী প্ৰখ্যাত ভাৰতীয় বিজ্ঞানীৰ বিষয়ে, ২০১০ |
(১) ড০ মহেশ্বৰ নেওগ, ১৯৯৮ |
বঁটা
[সম্পাদনা কৰক](১) পৰিৱেশৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে ড০ এম.এফ. হুছেইন আন্তৰ্জাতিক পৰিৱেশ বঁটা, ২০১৪, মহাত্মা ফুলে টেলেণ্ট ৰিচাৰ্ছ একাডেমি,[4]
(২) ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৩ চনত বিদ্যা সাগৰ বঁটা প্ৰদান কৰা হয়৷ এই বঁটাটো বিক্ৰমশীলা বিশ্ববিদ্যালয়ে প্ৰদান কৰে, যিটো শিক্ষানুষ্ঠানখনৰ ডক্তৰেট ডিগ্ৰীৰ সমতুল্য৷ ২০১৩ চনৰ ১৩-১৪ ডিচেম্বৰত হাৰিয়ানাৰ উজ্জয়িনীত অনুষ্ঠিত হোৱা শ্ৰী ৰাম সেৱা আশ্ৰমৰ সাহিত্য অধিৱেশনত প্ৰদান কৰা হয়, [5]
(৩) প্ৰাথমিক শিক্ষা আৰু সাক্ষৰতা বিভাগ, মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনত প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা, ২০০১, আদৰ্শ বোৱাৰী শীৰ্ষক গ্ৰন্থৰ বাবে, (নৱশিক্ষিতসকলৰ বাবে গ্ৰাম্য-প্ৰযুক্তিৰ সন্দৰ্ভত কিতাপ)[6]
(৪) এনচিআৰটিইৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা, ১৯৯৯, সাধুৰ চলেৰে বিজ্ঞান শীৰ্ষক গ্ৰন্থৰ বাবে[7]
(৫) বি.পি. পোড্ডাৰ স্মাৰক বঁটা, ২০০৪, বৈজ্ঞানিক প্ৰকল্পৰ বাবে, প্ৰকল্পৰ বিষয়-Development of vegetation in crude oil contaminated soil through application of bioformulation (2001-2003)[8]
(৬) সাহিত্য বঁটা, ডিচেম্বৰ ২০১৪, সদৌ অসম লেখিকা সমাৰোহ সমিতি,[9]
(৭) মন্দোদৰী উপন্যাসৰ বাবে কুমাৰ কিশোৰ সাহিত্য বঁটা, ২০১৩, অসম সাহিত্য সভা[10]
(৮) সম্প্ৰীতি শইকীয়া স্মাৰক বঁটা, ডিচেম্বৰ ২০১১, সদৌ অসম লেখিকা সমাৰোহ সমিতি,[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "About Dr. Malini". আনুষ্ঠানিক ৱেবছাইট. http://www.drmalini.com/about_malini.php। আহৰণ কৰা হৈছে: 30 March 2022.
- ↑ "Scientific Projects". http://www.drmalini.com/scientific_projects.php। আহৰণ কৰা হৈছে: 30 March 2022.
- ↑ "Publications Literature". http://www.drmalini.com/publications.php। আহৰণ কৰা হৈছে: 30 March 2022.
- ↑ http://www.drmalini.com/international_award2014.php
- ↑ http://www.drmalini.com/national_award2013.php
- ↑ http://www.drmalini.com/national_award2001.php
- ↑ http://www.drmalini.com/national_award1999.php
- ↑ http://www.drmalini.com/national_award2004.php
- ↑ http://www.drmalini.com/state_award2014.php
- ↑ http://www.drmalini.com/state_award2013.php
- ↑ http://www.drmalini.com/state_award2011.php